বেগানা সাদী মে আব্দুল্লাহ দীবানা

মাইন উদ্দিন : হিন্দীত বহুল প্রচলিত প্রবাদ -“বেগানা সাদী মে আব্দুল্লাহ দীবানা” (নমতা কৈ আলহী হোৱা) . এই প্রবাদ ফাকি পূর্ব বঙ্গমূলীয়া অসমীয়া মুছলমান সকলৰ ক্ষেত্রত বহুতে প্রয়োগ কৰা দেখা (বিশেষকৈ চচিয়েল মিডিয়াত) যায় কিন্তু কিয় ? Photo:maadad.com আমাৰ সম্যক জ্ঞানে ঢুকি পোৱাৰ পৰা অনুধাৱন কৰিব পাৰিছো যে অসম আৰু অসমৰ স্বকীয়তা বজায় ৰখাৰ দায়িত্ব নিজে নিজেই এই জনগোষ্ঠীৰ শিক্ষত চামে প্রয়োজনতকৈ অলপ বেছিকৈ লৈছে। অসমৰ ধর্মনিৰপেক্ষ সাতামপুৰুষীয়া ভাতৃত্ববোধৰ গুণগান এওঁ লোকেই বেছিকৈ গাই থকা দেখা যায়। ইয়াৰ ৰাজনৈতিক কাৰণ বহু কিবা কিবি থাকিব পাৰে কিন্তু সামাজিক কাৰণ হল- “পূর্ববঙ্গীয় মুছলমান খিনি নিজৰ ইচ্ছাত অসমীয়া জাতিত বিলীন হৈছে কিন্তু আপোনাৰ বা মোৰ দৰে তথাকথিত মূলসুঁতিৰ লোক সকলৰ দৰে ভাগ্যৰ বলত অসমীয়া হৈ জন্ম লোৱা নাই। গতিকে প্রতি মুহূর্ততে এই লোক […]

Continue reading

প্ৰকৃতিৰ নিদাৰুণ যন্ত্ৰণা : তুচ্ছ-তাচ্ছিল্যৰ সৈতে সহবস্থান

ছফিউৰ ৰহমান আহমেদ : ভাৰতত ( বিশেষ কৈ অসমত) মুছলমান হৈ জন্ম লোৱাটো যেন এটা বিৰাট অপৰাধ ৷ এই জাতিটোক তুচ্ছ-তাচ্ছিল্য কৰি সকলোৱে বেছ আমেজ পায় ৷ প্ৰকৃতিৰ নিদাৰুণ যন্ত্ৰণা সহ্য কৰি হাড়ক মাটি কৰি জীৱন নিৰ্বাহ কৰা এওঁলোক যেন মানুহ নহয় অন্য গ্ৰহৰ বীভৎস ৰূপৰ ৰাজ হাড়হীন,তেজহীন,মজ্জাহীন,মগজুহীন জন্তুহে ৷ ইংৰাজৰ দৰে দমন নীতি অহৰহ চলাই গৈছে দেশীয় বগা বণিকে ৷ সকলোৱে ভৰিৰ ওপৰত ভৰি তুলি নচোৱাই এই নিম্ন  শ্ৰেণীৰ(বিশেষকৈ পূর্ববঙ্গীয় মূলৰ খিনিক) ওপৰত বীৰত্ব দেখুৱাই নায়ক ও দেশপ্ৰেমীক সাজিছে ৷ ফটো : ফৰহাদ ভুঞা নিৰ্বাচনত উন্নয়নৰ শ্লো গানৰ প্ৰয়োজন নাই মাথো বাংলাদেশীয়ে অসমখন বেদখল কৰিলে, গিলি পেলালে বুলি কৈ দিলেই হ’ল – “আহ ঐ আহ! ওলাই আহ! খেদ ঐ খেদ বাংলাদেশী খেদ ৷” কিযে ভয়ংকৰ মন্ত্ৰ ৷ এই সহজ সৰল […]

Continue reading

অপৰাধ প্রবণতা আৰু আমাৰ সমাজ ব্যৱস্থা

মাইন উদ্দিন : গুৱাহাটি বিশ্ববিদ্যালয়ত গবেষণাৰত (Phd scholar) ভন্টি এজনীয়ে এবাৰ কথা প্রসঙ্গত কৈছিল –  “দৰিদ্ৰতা য’ত বেছি, কৰ্মসংস্থাপন য’ত কম তাত অপৰাধ প্ৰৱণতা অধিক হোৱাটো একো অস্বাভাৱিক কথা নহয়। কোনো এটা নিৰ্দিষ্ট ধৰ্মাৱলম্বী মানুহৰ মাজত অপৰাধ প্ৰৱণতা বেছি বুলি অপৈনত আলোচনা কৰাৰ আগতে এই কথাটো মনত ৰখা উচিত।” তাইৰ গহীন গভীৰ বাক্যটোৰ উত্তৰ দিয়াৰ সক্ষমতা নাছিল কিন্তু চেষ্টা এটা কৰিছিলো মাথোন – ” তোমাৰ দার্শনিক চিন্তাধাৰা যুক্ত কথা বোৰ আমাৰ দৰে সৰু মগজুৱে কেতিয়াবা কেতিয়াবা ঢুকিয়েই নাপায় কি কৈ আছা। অর্থনৈতিক ভাৱে দূর্বল শ্ৰেণীটোৱে শিক্ষা কাক বোলে বুজিয়ে নাপায় গতিকে অপৰাধ কৰা ডাঙৰ কথা নহয় কিন্তু ACS, APS আদি বোৰে ও আজিকালি দেখোন কৰি আছে। “ মই জানো – মোৰ উত্তৰটো শুদ্ধ নাছিল কেৱল চালে বেৰে কোবোৱা ধৰণৰ আছিল যাৰ দ্বাৰা […]

Continue reading

ধৰ্মীয় মেৰুকৰণ আৰু অসমৰ সমাজ জীৱন

ড. ইন্দ্ৰজিৎ বেজবৰুৱা: “এই দেশত মুছলমানৰ সংখ্যা কম নহয় আৰু মুছলমান শাসিত যি কোনো এক দেশৰ অধিবাসীতকৈ যে অনেক বেছি তাক আমি খুব কম সময়ত হে ভাবি চাওঁ। মুছলমানসকল ইয়ালৈ অহা শতেক বছৰ হৈ গ’ল, তথাপি ভাৰতৰ অধিবাসীসকলে এই বিপুল জনসমষ্টিক এতিয়াও এক বহিৰাগত উৎপাত বুলিয়েই ভাবে।এই দৃষ্টিভংগী কেৱল অদ্ভূতেই নহয়, দুঃখজনকো।” তাহানিতে মানবেন্দ্ৰ নাথ ৰায়ে কোৱা কথাখিনি আজিও বহু পৰিমাণে প্ৰাসংগিক হৈ আছে। কথাটো আমাৰ বাবেও অত্যন্ত লজ্জাজনক। কিয়নো বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ উচ্চ শিখৰত আৰোহণ কৰিও দৈনন্দিন জীৱনত গণতন্ত্ৰ, মানৱতাবাদ আদি শব্দ শত-সহস্ৰ বাৰ উচ্চাৰণ কৰিও কোনো কোনো ক্ষেত্ৰত আমি আজিও বহু পৰিমাণে প্ৰাচীন সমাজত বসবাস কৰি থকা যেন লাগে। ধৰ্মৰ ভিত্তিত আজিও মানুহে মানুহক ভাগ কৰা, উচ্চ-নীচ ভাব পোষণ কৰা আদি কথাবোৰ দেখিলে সমাজ জীৱনৰ পৰস্পৰ বিৰোধী ৰূপ এটাহে […]

Continue reading

ডিটেনচন কেম্পত বন্ধী মানৱতা:চৰকাৰী বাহিনীৰ সীমাৱদ্ধতা নে গভীৰ ষড়যন্ত্ৰ ?

মতিউৰ ৰহমান : ডিটেনচন কেম্পত বন্ধী মানৱতা ! এইসকলো কাৰোবাৰ শ্ৰদ্ধাৰ মা¸ কাৰোবাৰ মৰমৰ বাই¸ভনী¸ কাৰোবাৰ অৰ্ধাংগিনী স্ত্ৰী¸ যি সকলৰ অনুপস্হিতিত এখন ঘৰ সংসাৰৰ এক মূহুৰ্তও নচলে। যি সকলৰ সম্ভ্ৰমক অন্য কোনাবাই সামান্য আঘাত কৰিলে হয়তো মূহুৰ্ততে হৈছিল লংকাকাণ্ড। কিন্তু আজি তেওঁলোকৰ সম্ভ্ৰম, কমনীয়তা গঢ়ালত বন্ধী বন্য প্ৰানীৰ দৰে। আৰু অপৰাধ ?  ফটো : মতিউৰ ৰহমান আজি অসমত যিবোৰ ৰাজনৈতিক সমস্যাই দেখা দিছে তাৰ মূল কাৰনটো হৈছে এটা বিশেষ জনগোষ্ঠীৰ মাত্ৰাধিক জনসংখ্যা বৃদ্ধি। যিটো সমস্যাক বহুতে অবৈধ অনুপ্ৰৱেশৰ কাৰনে হৈছে বুলি ভাৱে আৰু সেই হিচাপে প্ৰচাৰো কৰে । কিন্তু পৰিসংখ্যাই এই কথা প্ৰমান নকৰে। মাত্ৰ স্বাধীনতাৰ পিছত বাল্য বিবাহৰ কাৰনে এটা বিশেয জনগোষ্টীৰ ২ টাকৈ বংশ অতিৰিক্তকৈ বৃদ্বি পাইছে। এই “Generation Jump” য়ে গনতান্ত্ৰিক শাসন ব্যৱস্হাত কোনো বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ […]

Continue reading

বৃহত্তৰ অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰু জাতীয় সংজ্ঞাৰ সমস্যা

ৰক্তিম শৰ্মা: অসমীয়া জাতিগঠন প্ৰক্ৰিয়া সম্পৰ্কত শেহতীয়া যথেষ্ট চিন্তা চৰ্চা আলোচনা হোৱা দেখা যায় যদিও সামগ্ৰিকভাবে সমগ্ৰ ইতিহাসক সমৰি এই বিষয়ত যুক্তিনিষ্ঠ আলোচনা প্ৰায় সীমিত বুলিলে কিজানি ভুল কৰা নহব । বিভিন্ন চিন্তাবিদে ভিন্ন দৃষ্টিভংগীৰ বা ৰাজনৈতিক চেতনাৰ দ্বাৰা প্ৰভাৱিত হৈ এই বিষয়ত আলোচনা কৰা হেতুকে আজিলৈকে অসমীয়াৰ প্ৰকৃত সংজ্ঞা দিবলৈ কোনোৱে সাহস কৰা নাই । এই সাহস নকৰাৰ কাৰণটোৱেই হৈছে অসমীয়া জাতিগঠন প্ৰক্ৰিয়াৰ জটিল বিন্যাস যিটো ভাৰতীয় অন্য জাতিৰ বা দক্ষিণ পূৰ্ব এচিয়াৰো অন্য জাতিৰ জাতিগঠন প্ৰক্ৰিয়াৰ সৈতে ঐতিহাসিকভাবেই পৃথক ।জাতি সম্পৰ্কে ড০ হীৰেন গোহাই দেৱৰ এটা মন্তব্য উনুকিয়াব বিচৰিছো যি মন্তব্যই আমাক এই বিষয়ত নিৰ্মোহভাবে আৰু যুক্তিনিষ্ঠভাবে সিন্ধান্তত উপনীত হোৱাত সহায় কৰিব পাৰে । গোহাইদেৱে কৈছিল যে, উত্তৰ আধুনিক চিন্তাত জাতিৰ ধাৰণাটো এটা ভাষিক নিৰ্মান বুলি ভবা হয় […]

Continue reading

দেওঁবৰীয়া চিন্তা : অসমীয়া জাতি গঠন

মাইন উদ্দিন: বহুতে আজিকালি দাবী কৰে যে তেখেত বা তেখেতৰ জনগোষ্ঠীৰ মানুহ খিনি ভূমিপুত্র আৰু প্রকৃত অসমীয়া। যদি কেতিয়াবা সেই মূধাফুটা জনক সোধা যায় – “আপুনি বা আপোনাৰ জনগোষ্ঠীৰ কি কি অৱদান আছে বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াত? “ কেৱল আহোম সকলোৰ বাদে কোনো এটা জনগোষ্ঠীৰ নেতা/মূধাফুটাই পলকতে উত্তৰ দিব নোৱাৰিব।  ফটো : লিখক চাওলুং ছ্যু কা ফা শৈক্ষিক আৰু সামাজিক পৰিষদৰ সভাত অন্যান্ন বিষয় ববীয়াৰ সৈতে অসমীয়া জাতি গঠন প্রক্রিয়া ইমানেই জটিল যে ভাৰতীয় নৃ-তত্ব আৰু ভাষা বিধ সকলেও প্ৰায়েই ” নিপাতনে সন্ধি” বাক্যাংশ প্রয়োগ কৰা দেখা যায়।  অসমীয়া জাতি হৈছে বিভিন্ন সময়ত, বিভিন্ন কাৰণত অসমলৈ অহা বিভিন্ন প্ৰজাতিৰ লোকৰ সংমিশ্ৰণতে গঢ় লৈ উঠা এটা বৃহত্তৰ জাতি। সময়ৰ লগে লগে তেওঁলোকৰ বিভিন্ন ভাষা, সংস্কৃতি আদি মিলি গৈ এই জাতিৰ […]

Continue reading

অসমৰ সংখ্যালঘু প্রীতি আৰু ৰাজনীতি

মাইন উদ্দিন : আহোমসকল অসমলৈ অহা প্ৰায় ২৫ বছৰ মান আগৰ (১২০৫) কথা যেতিয়া প্ৰথমজন অসমীয়া থলুৱা ব্যক্তিয়ে ইচলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু প্ৰথম ইছলাম গ্ৰহণ কৰা জন আন কোনো নাছিল তেঁও আছিল মেচ জনগোষ্ঠীৰ প্ৰধান “আলী মেচ”| এইয়াই হৈছে অসমীয়া মুছলমানৰ আৰম্ভণি|সেই বছৰতেই বৰ্তমান তুৰ্কীৰ পৰা চীনদেশ আক্ৰমণ (১২০৬ চনৰ ২৭ মাৰ্চ কৰিব আহোতে কিছু তুৰ্কীৰ যোদ্ধা অসমৰ যোদ্ধাৰ লগত পৰাস্ত হৈ অসমতে থাকি যায় আৰু অসমকে নিজৰ বুলি সাবতি লয়|এনেকৈ হয়তো আৰম্ভ হ’ল অসমীয়া মুছলিম সমাজৰ| অসমৰ হিন্দু সমাজত যিদৰে আহোম, কোচ, কলিতা, বামুণ, বিহাৰী, বাঙালী, নাথ, বড়ো, ৰাভা আদি এশ এটা জাতিগত-ভাষাগত গোট বিদ্যমান, ঠিক তেনে ধৰণেৰে অসমৰ মুছলমান সমাজো বিভিন্ন জাতিগত (ethnic) আৰু ভাষাগত (Linguistic) গোটত বিভক্ত, যথা – গৰিয়া,মৰিয়া,দেশী বা উজেনি বা গোৱালপৰীয়া আদি ! […]

Continue reading

চৰ চাপৰিৰ কবিতা: ক’ত বাস কৰো মই ?

Written by Main Uddin ======================= চৰৰ বালিয়ে মোক প্রশ্ন কৰে   আজিকালি তই ক’ত বাস কৰা  সঁচাকৈয়ে উত্তৰ মোৰ লগত নাই  কাৰণ মই হয়তো বাস কৰো চাউলখোৱা চাপৰিত  আৰু চৰৰ মানুহে বিচাৰি ফুৰে গুৱাহাটিত (কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পঞ্চম দ্বি-বাৰ্ষিক টেঙানী অধিবেশনত চৰ-চাপৰিৰ লোকসংস্কৃতিৰ অন্যতম লাঠিবাৰী খেল প্ৰদৰ্শন :Photo: Ashraful Hussain) মই হয়তো এখন্তেকৰ কাৰণে ৰৈ দিছো উজনিৰ চিৰাং চাপৰিত  আৰু মানুহে মোক লগ পায় ধুবুৰীৰ ভাসানী চৰত  মই হয়তো বাস কৰো মোৰ লুঙ্গী বা দাড়িৰ ভাজত  আৰু মানুহে মোক দেখা পায় মলয় বিড়িৰ ধোৱাৰ মাজত আচলতে মই ক’ত বাস কৰো , এই কথাৰ সঠিক উত্তৰ ময়ো নাজানো  কিন্তু এটা কথা জানো , প্রতিটো চৰ চাপৰিত মোৰ পদ চিণ্হ বিদ্যমান  তথাপি মই সন্দিহান , অসমত বাস কৰোনে মই  আপোনালোকৰ হাতত আছে […]

Continue reading

সকলো অসমীয়া ভাৰতীয় কিন্তু সকলো ভাৰতীয় অসমীয়া নহয়

এডভোকেট পিয়াৰ আলী আহমেদ : মই কোনো ৰাজনৈতিক দলৰ সমৰ্থক বা ভক্ত নহয় ।কিন্তু ৬ মাহৰ এটা সুক্ষ্ম বিশ্লেষণ কৰি যি পালো তাকেই লিখিবলৈ যত্ন কৰিছো। ফটো : indianexpress.com কংগ্ৰেছী আমোল আছিল মেটমৰা দুৰ্নীতিৰ ভঁৰাল।এই ক্ষেত্ৰত BJP বহুত স্বচ্ছ। কংগ্ৰেছৰ শাসন কালত উত্তৰ ভাৰতীয় সংস্কৃতিয়ে অসমত সিমান গা কৰি উঠিব পৰা নাছিল । কিন্তু BJP য়ে অসমত ক্ষমতালৈ অহাৰ ছমাহৰ ভিতৰতে উত্তৰ ভাৰতীয় সংস্কৃতিয়ে অসমীয়া সংস্কৃতিক যিদৰে টেটু চেপি ধৰিছে , অনাগত দিনত হয়তো উশাহ বন্ধ হৈ ইয়াৰ মৃত্যুও হ’ব পাৰে । সকলো অসমীয়া ভাৰতীয় । কিন্তু সকলো ভাৰতীয় অসমীয়া নহয় । কিছুমান অসমীয়াই নিজকে অতি ভাৰতীয় সজাবলৈ গৈ অসমীয়াত্বক নিলামত বিক্ৰী কৰিবলৈ যো-যা চলাইছে ; এইটো অসমীয়া জাতিটোৰ বাবে এক অশনি সংকেত ।অসমীয়াত্বক ভাৰতীয় কৰণ কৰিলে আটাইতকৈ বেছি ক্ষতি গ্ৰস্ত […]

Continue reading